(1) সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)
(2) কি সেই অৱশ্যম্ভাৱী ঘটনা?
(3) আৰু তুমি কেনেকৈ গম পাবা সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?
(4) ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।
(5) সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।
(6) আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল প্ৰচণ্ড ঠাণ্ডা ধুমুহা বতাহৰ দ্বাৰা,
(7) ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিনলৈকে অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিঁচৰতি হৈ পৰি আছে যেনিবা সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।
(8) এতেকে সিহঁতৰ মাজৰ কাৰোবাক তুমি অৱশিষ্ট দেখিবলৈ পোৱানে?
(9) লগতে ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়েও জঘন্য পাপ কামত লিপ্ত আছিল।
(10) আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে কৰায়ত্ত কৰিছে।
(11) যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল, তেতিয়া নিশ্চয় আমি তোমালোকক নাৱত আৰোহণ কৰাইছিলোঁ।
(12) আমি এইটো কৰিছিলোঁ তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এইকাৰণে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰে।
(13) এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব—কেৱল এটা ফুঁ।
(14) আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।
(15) ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।
(16) আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।
(17) আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।
(18) সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।
(19) তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।
(20) ‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।
(21) তেওঁ থাকিব সন্তোষজনক জীৱনত;
(22) সুউচ্চ জান্নাতত,
(23) যাৰ ফলমূল ওলমি থাকিব নিচেই ওচৰত।
(24) (কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।
(25) কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত দিয়া হ’ব, সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা দিয়া নহ’লহেঁতেন’!
(26) ‘আৰু মই যদি মোৰ হিচাপ সম্পৰ্কে গমেই নাপালোঁহেঁতেন!
(27) ‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ বাবে শেষ চূড়ান্ত ফয়চালা হ’লহেঁতেন!
(28) ‘মোৰ ধন-সম্পদ মোৰ কোনো কামতে নাহিল।
(29) ‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।
(30) (ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।
(31) ‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।
(32) তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।
(33) নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,
(34) আৰু মিছকিনক খাদ্যদানতো উৎসাহিত কৰা নাছিল।
(35) এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।
(36) আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্যও নাথাকিব,
(37) যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।
(38) এতেকে মই শপত কৰোঁ সেইবোৰ বস্তুৰ, যিবোৰক তোমালোকে দেখা পোৱা,
(39) লগতে যিবোৰক তোমালোকে দেখা নোপোৱা;
(40) নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী।
(41) আৰু এয়া কোনো কবিৰ কথা নহয়; (আফচোচ!) তোমালোকে খুবেই কম ঈমান পোষণ কৰা।
(42) আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
(43) এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
(44) তেওঁ যদি আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,
(45) তেন্তে নিশ্চয় আমি তাক সোঁহাতেৰে ধৰিলোঁহেঁতেন,
(46) তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ সিৰা (মহাধমনী) কাটি দিলোঁহেঁতেন,
(47) এতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিব।
(48) আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।
(49) আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।
(50) আৰু নিশ্চয় এই (কোৰআন)খন কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ হ’ব।
(51) আৰু নিশ্চয় এইখন সুনিশ্চিত সত্য।
(52) এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।