79 - An-Naazi'aat ()

|

(1) শপত নিৰ্মমভাৱে উৎপটনকাৰীসকলৰ।

(2) শপত মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।

(3) শপত তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।

(4) আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।

(5) তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।

(6) সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।

(7) তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰীয়ে।

(8) সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।

(9) সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।

(10) সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থালৈ উভতি যামনে?

(11) যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?

(12) সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।

(13) প্ৰকৃততে এইটো এটা মহাগৰ্জন মাত্ৰ।

(14) তৎক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।

(15) মূছাৰ ঘটনা সম্পৰ্কে তুমি অৱগত হৈছানে?

(16) যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,

(17) ‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালংঘন কৰিছে,

(18) এতেকে তাক গৈ কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰানে?

(19) আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰোঁ, যাতে তুমি তেওঁক ভয় কৰা’।

(20) তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।

(21) কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।

(22) তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।

(23) তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,

(24) আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।

(25) অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।

(26) নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।

(27) তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।

(28) তেৱেঁই ইয়াৰ চালিখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।

(29) আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।

(30) তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত (বাসোপযোগী) কৰিছে।

(31) তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,

(32) আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,

(33) এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।

(34) আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,

(35) সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,

(36) আৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব।

(37) এতেকে যিয়ে সীমালংঘন কৰে,

(38) আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,

(39) নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।

(40) আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,

(41) নিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল।

(42) সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?

(43) সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?

(44) ইয়াৰ প্ৰকৃত জ্ঞান আছে (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰতহে;

(45) যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।

(46) যিদিনা সিহঁতে ইয়াক দেখিবলৈ পাব, সেইদিনা সিহঁতৰ এইটো ধাৰণা হ’ব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।