101 - Al-Qaari'a ()

|

(1) ভীতিপ্ৰদ মহা বিপদ।

(2) ভীতিপ্ৰদ মহা বিপদ কি?

(3) ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?

(4) সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।

(5) আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।

(6) এতেকে যাৰ (ছোৱাবৰ) তুলাচনী গধুৰ হ’ব,

(7) তেওঁ থাকিব সন্তোষজনক জীৱনত;

(8) আৰু যাৰ পাল্লা পাতল হ’ব,

(9) তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।

(10) আৰু তুমি কি জানা সেইটোনো কি?

(11) এইটো হৈছে এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।