(1) হা-মীম।
(2) শপত সুস্পষ্ট কিতাবৰ!
(3) নিশ্চয় আমি ইয়াক অৱতীৰ্ণ কৰিছোঁ এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।
(4) সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়,
(5) আমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণ কৰোঁ।
(6) তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ,
(7) তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা।
(8) তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক।
(9) বৰং সিহঁতে সন্দেহৰ বশৱৰ্তী হৈ খেল-ধেমালি কৰি আছে।
(10) এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ’ব আকাশ,
(11) সেই ধোঁৱাই মানুহকো আবৃত কৰি পেলাব।এইটো হ’ব যন্ত্ৰণাদায়ক শাস্তি।
(12) (তেতিয়া সিহঁতে ক’ব) ‘হে আমাৰ প্ৰতিপালক! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন হম’।
(13) ক’ত সিহঁতে উপদেশ গ্ৰহণ কৰিব? অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰলৈ এজন স্পষ্ট ৰাছুল আহিছিল;
(14) তাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন প্ৰশিক্ষণপ্ৰাপ্ত উন্মাদ’।
(15) আমি অলপ সময়ৰ কাৰণে যদি শাস্তি ৰহিত কৰি দিওঁ তেন্তে নিশ্চয় তোমালোকে তোমালোকৰ পূৰ্বাৱস্থালৈ উভতি যাবা।
(16) যিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা আমি নিশ্চয় প্ৰতিশোধ লম।
(17) আৰু ইহঁতৰ আগতেও আমি ফিৰআউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলোঁ আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাছুল,
(18) (তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক (বনী ইছৰাঈলক) মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
(19) ‘আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে ঔদ্ধত্য প্ৰকাশ নকৰিবা, নিশ্চয় মই তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ লৈ আহিম।
(20) ‘তোমালোকৰ প্ৰস্তৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ।
(21) ‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’।
(22) তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লে, ‘নিশ্চয় ইহঁত হৈছে এটা অপৰাধী সম্প্ৰদায়’।
(23) (আল্লাহে ক’লে) ‘তেন্তে তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছ ফালৰ পৰা খেদি যোৱা হ’ব’।
(24) ‘আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত এনেকুৱা এটা বাহিনী যিসকলে ডুবি মৰিব’।
(25) সিহঁতে পিছফালে এৰি থৈ গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱন,
(26) শস্যক্ষেত্ৰ আৰু সুৰম্য বাসস্থান,
(27) আৰু নানা ধৰণৰ বিলাস-সামগ্ৰী, য’ত সিহঁতে আনন্দ উপভোগ কৰিছিল।
(28) এনেকুৱাই হৈছিল, আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলোঁ এটা বেলেগ সম্প্ৰদায়ক।
(29) এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশপ্ৰাপ্তও নাছিল।
(30) আৰু নিশ্চয় আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলোঁ,
(31) (উদ্ধাৰ কৰিছিলোঁ) ফিৰআউনৰ পৰা, নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ মাজত শীৰ্ষস্থানীয়।
(32) আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলোঁ।
(33) আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলোঁ, য’ত আছিল সুস্পষ্ট পৰীক্ষা;
(34) নিশ্চয় সিহঁতে (এই কথা সদায়ে) কৈ থাকে,
(35) ‘আমাৰ প্ৰথম মৃত্যুই হৈছে একমাত্ৰ মৃত্যু, আমি আৰু কেতিয়াও পুনৰুত্থিত নহওঁ।
(36) ‘এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক উপস্থিত কৰাচোন’।
(37) (কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলোঁ। নিশ্চয় সিহঁত আছিল অপৰাধী।
(38) আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই;
(39) আমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছোঁ, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।
(40) নিশ্চয় মীমাংসাৰ দিন সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত।
(41) সেইদিনা এজন বন্ধুৱে আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ও নাপাব।
(42) কিন্তু আল্লাহে যাৰ প্ৰতি দয়া কৰিব কেৱল তেওঁৰ বাহিৰে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
(43) নিশ্চয় যাক্কূম গছ হ’ব,
(44) পাপীৰ খাদ্য,
(45) গলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব,
(46) উতলি থকা গৰম পানীৰ দৰে।
(47) (কোৱা হ’ব) ‘তাক ধৰা আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত,
(48) ‘তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানী ঢালি শাস্তি দিয়া’,
(49) (কোৱা হ’ব, এতিয়া) ‘সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত, অভিজাত আছিলা!
(50) ‘নিশ্চয় এইটোৱেই হৈছে সেই শাস্তি, যিটোক তোমালোকে সন্দেহ কৰিছিলা’।
(51) নিশ্চয় মুত্তাক্বীসকল থাকিব নিৰাপদ স্থানত,
(52) ‘উদ্যান আৰু ঝৰ্ণাসমূহত,
(53) তেওঁলোকে পৰিধান কৰিব মিহি আৰু মোটা ৰেচমী বস্ত্ৰ আৰু ইজনে সিজনৰ সন্মুখত বহিব।
(54) এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকক বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত,
(55) তাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফলমূল আনিবলৈ ক'ব।
(56) প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব। তেৱেঁই তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব,
(57) (এইটো হৈছে) তোমাৰ প্ৰতিপালকৰ এটা অনুগ্ৰহ, এইটোৱেই হৈছে মহা সফলতা।
(58) এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।
(59) এতেকে তুমি অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।