113 - Al-Falaq ()

|

(1) কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।

(2) তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,

(3) আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,

(4) আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,

(5) আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।